জৈৱ বিচিত্ৰতা সুৰক্ষাৰ ক্ষেত্ৰত আফ্ৰিকীয় মূলৰ সম্প্ৰদায়সমূহৰ অত্যাৱশ্যকীয় ভূমিকাৰ উল্লেখযোগ্য স্বীকৃতিৰ সৈতে কলম্বিয়াৰ কলিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত সন্মিলন চি অ’ পি 16 ৰ গোটসমূহৰ অধিবেশনৰ ষোড়শ বৈঠকৰ অন্ত পৰে। চি অ’ পি 16-ৰ অধ্যক্ষ সুশানা মহম্মদ আৰু কলম্বিয়াৰ বিদেশ মন্ত্রী লুইছ গিলৱাৰ্টো মুৰিলোৱে এই সিদ্ধান্তৰ প্ৰশংসা কৰে। প্ৰকৃতিৰ সৈতে শান্তি বিষয়বস্তুৰ সৈতে চি অ’ পি 16 ৰ জৰিয়তে ডিজিটেল জিনিয় অনুক্ৰমৰ পৰা প্ৰাপ্ত সম্পদসমূহৰ বাবে গোলকীয় পুঁজিৰ সৃষ্টি আৰু আন্তৰাষ্ট্ৰীয় জলক্ষেত্ৰৰ পৰিবেশগত দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ সাসমুদ্রিক অঞ্চলসমূহ চিনাক্ত তথা এই সমূহৰ সুৰক্ষাৰ বাবে গোলকীয় চুক্তিকে ধৰি কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্রহণ কৰা হৈছে। ২০২৬ চনত আর্মেনিয়াই চি অ’ পি 16 আয়োজন কৰালৈকে কলম্বিয়াই এই সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰি থাকিব।
Site Admin | November 4, 2024 12:45 PM | colmbiya