July 4, 2024 12:51 PM | Coal production

printer

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰালয়ে প্রকাশ কৰা শেহতীয়া তথ্য অনুসৰি কল ইণ্ডিয়া লিমিটেডে ৮ দশমিক ৮-৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহৰ কয়লা উৎপাদন ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫. ৪-৯ শতাংশ অধিক ।

অধিক পঢ়ক

সকলো চাওক