যোৱা সোমবাৰে উমৰাংছ’ৰ তিন কিল’ৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ তিনি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কার্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক’ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্রমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি কালিয়েই ঘোষণা কৰিছে। বিশাখাপট্টনমৰ নৌ সেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে আজিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে আৰু ক’ল ইণ্ডিয়াই ব্যৱহাৰ কৰা উচ্চমানৰ পানী নিষ্কাষণ যন্ত্ৰৰে খনিৰ আভ্যন্তৰৰ পৰা পানী সিঁচাৰ কাম অব্যাহত ৰখা হয়। অসমৰ লগতে পশ্চিমবংগ আৰু নেপালৰ শ্ৰমিক আবদ্ধ হৈ থকাৰ বাতৰি ওলোৱাৰ লগে লগে তিন কিল’লৈ অহা শ্রমিক কেইজনৰ পৰিয়ালৰ লোকে অধীৰ আগ্ৰহেৰে প্ৰিয়জনক জীৱিত অথবা মৃত অৱস্থাত পোৱাৰ আশাৰে উদ্ধাৰ অভিযান স্থলীত প্রচণ্ড শীতকো নেওচি দিন-ৰাতি অতিবাহিত কৰিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি আজিও কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই।
কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উমৰাংছ’ৰ খনি দুৰ্ঘটনাৰ প্ৰকৃত তথ্য চৰকাৰে দিয়া নাই বুলি অভিযোগ কৰিছে। উচ্চতম ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰাৰ পাছতো কিদৰে ৰাজ্যখনত এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি অবৈধভাৱে কয়লা নিষ্কাষণ কাৰ্য চলাই থকা হৈছে, সেই বিষয়েও বিৰোধী দলসমূহে চৰকাৰৰ পৰা স্পষ্টিকৰণ দাবী কৰিছে।