ডাউনলোড
মোবাইল এপ

android apple
signal

January 8, 2025 1:38 PM | coal mine

printer

প্ৰতিকূল পৰিস্থিতিৰ মাজতো উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনা ডুবাৰু, এন ডি আৰ এফ, এছ ডি আৰ এফে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান অব্যাহত ৰাখিছে। যোৱা নিশা প্ৰতিকূল বতৰৰ বাবে কিছু সময়লৈ এই অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে কালিৰে পৰা কল ইণ্ডিয়াৰ এটা দলেও উদ্ধাৰ অভিযানত সহযোগ কৰি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কয়লাখনিটোত ১০০ ফুট পর্যন্ত পানী সোমাইছে আৰু নৌসেনাই পানীৰ মাজতে উদ্ধাৰ অভিযান চলাইও সফল হোৱা নাই। সেয়েহে খনিলৈ যোৱা এন্দুৰৰ গাঁত সদৃশ পথবোৰত আজি অভিযান চলোৱা হব বুলি তেওঁ জানিবলৈ দিয়ে। অবৈধভাৱে কয়লা খননৰ বিষয়টো চোৱা-চিতা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। খনিটোৰ পৰা পানী উলিওৱাৰ বাবে কেইবাটাও পাম্প ব্যৱহাৰ কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন ১৯৫৭ৰ অধীনত অৱহেলাজনিত কাৰণত প্রাণহানি হোৱাৰ অভিযোগত উমৰাংছথানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এই গোচৰ অনুসৰি ইতিমধ্যে পুনিছ নুনিছা নামৰ এজন লোকক আটক কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক