ডাউনলোড
মোবাইল এপ

android apple
signal

January 7, 2025 1:40 PM | coal mine

printer

উমৰাংছ’ত কয়লাখনিত ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত

 ডিমাহাচাও জিলাৰ উমৰাংছ’ত ৩০০ ফুট দ’ এটা কয়লাখনিত দ্রুতগতিত পানী সোমোৱাৰ ফলত আৱদ্ধ হৈ পৰা কমেও ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয়, যে দলটোৱে কৰা অনুমান অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে। শ্রমিকসকলক উদ্ধাৰৰ বাবে বিশাখাপট্টনমৰ পৰা বিমানেৰে অহা উদ্ধাৰকাৰীসকল শীঘ্ৰে সেই স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ঘটনাস্থলীত এন ডি আৰ এফ আৰু এছ ডি আৰ এফেও অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে মুখ্যমন্ত্রীয়ে কালি আবদ্ধসকলক উদ্ধাৰৰ বাবে সেনা বাহিনীক আহ্বান জনাইছিল। তেওঁ লগতে মন্ত্ৰীসকলক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণৰো নিৰ্দেশ দিছিল। জানিব পৰা মতে উমৰাংছ’ৰ ১৯ নম্বৰ কয়লাখনিত কালি পুৱা কয়লা খননৰ বাবে গৈ শ্রমিককেইজন আবদ্ধ হৈ পৰে। শ্ৰমিকৰ দলটো খনিটোত প্ৰৱেশ কৰাৰ পাছতে পানী সোমাই যোৱাৰ ফলত আবদ্ধ হৈ পৰা এই লোকসকলৰ উদ্ধাৰৰ বাবে ততালিকে স্থানীয় লোক আৰু আৰক্ষীয়ে চেষ্টা চলাই যদিও সফলতা লাভ কৰিবলৈ সমৰ্থ নহ’ল। সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে অভিযন্তা, ডুবাৰু আৰু অন্য প্রশিক্ষিত লোকৰ লগতে প্রয়োজনীয় সামগ্রীসহ সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰে। এই অবৈধ খনিটো গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বৰ মেঘালয় সীমান্তৰ উমৰাংছ’ত আছে। উল্লেখযোগ্য যে ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত এনেধৰণৰ অবৈধ কয়লা খনন অব্যাহত আছে আৰু কেইবাগৰাকীও লোকে ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে।

অধিক পঢ়ক

সকলো চাওক