কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। এই প্রতিষ্ঠানখন কাৰ্যক্ষম হৈ উঠিলে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট নামৰ এই ৪ খন উচ্চ শিক্ষানুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক আতিথ্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে উচ্চ শিক্ষাৰ বিশেষ শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ ইতিবাচক উন্নয়নে পলাশবাৰী বিধানসভা সমষ্টিক অঞ্চলটোৰ শৈক্ষিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত অৰিহণা যোগাব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যত আই আই এমৰ বাবে কেন্দ্ৰই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাটো ৰাজ্যবাসীৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয়। কেন্দ্ৰীয় চৰকাৰে আই আই এমখনৰ বাবে এহেজাৰ কোটি টকাৰ অনুমোদন দিয়াৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজাৰাৰ ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অব্যাহত থকা আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ আৰু জালুকবাৰীৰ হজ ভৱনত প্ৰস্তাৱিত উপ-জিলা কাৰ্যালয় স্থাপনৰ বাবে চলি থকা কাম-কাজো মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে। উপ-জিলা কাৰ্যালয় ভৱনৰ কাম-কাজ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী সদৰ জিলা বাদ দি কামৰূপ মহানগৰ জিলাত ৪ খন উপ-জিলা অথবা মহকুমা গঠন কৰা হ’ব। চলিত বৰ্ষৰ আগষ্টৰ ভিতৰত এই সকলোবোৰ কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ৰাজ্যত সমষ্টি অনুপাতে এই উপ-জিলাসমূহ গঠন কৰা হ’ব আৰু ২০২৫ চনৰ ভিতৰত সমগ্ৰ ৰাজ্যত সকলো প্ৰস্তাৱিত উপ-জিলা সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ বাবে প্ৰচেষ্টা গ্রহণ কৰা হ’ব। আনহাতে, ৰাজ্য চৰকাৰে ১২৬ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে শীঘ্ৰে অনুমোদন জনাব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক