মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈতে বৈঠকত মিলিত হয়। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৬২ চনৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰৰ টিনপাত সলনি কৰাৰ কাম আৰম্ভ কৰিবলৈ পাই তেওঁ সুখী অনুভৱ কৰিছে। তেওঁ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱ থানক কেন্দ্ৰ কৰি প্ৰস্তাৱ কৰা প্ৰকল্পৰ কাম অহা আগষ্টৰ শেষত নাইবা ছেপ্তেম্বৰৰ প্ৰথমতে আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎ‍সালয়খনৰ কামকাজৰ বুজ লয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত নিৰ্মাণ কৰা ১০০ খন বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয়খন আগষ্টত মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনৰ বাবে যিধৰণৰ পুঁজি চৰকাৰে লাভ কৰিব, সেইমতে উন্নয়নমূলক কামো আগবঢ়াই নিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বৰপেটাত এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও প্ৰকাশ কৰে। প্ৰসংগক্ৰমে মুখ্যমন্ত্রীয়ে জনাই যে চিকিৎসা মহাবিদ্যালয়খনত এটা অত্যাধুনিক চিটিস্কেন মেচিন সংস্থাপনৰ কামো চলি আছে। চিকিৎসাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সকলো চিকিৎসালয়তে সাপৰ বিষনাশক বেজি উপলব্ধ হৈ আছে যদিও একাংশ চিকিৎসকে প্রতিক্রিয়া হোৱাৰ ভয়ত এই বেজি দিব নিবিচাৰে ইতিমধ্যে ১০০ গৰাকী চিকিৎসকক এই বেজি দিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক