খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তামুলপুৰৰ পথালিকুছিত আয়োজিত সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কয়, যে সকলোৱে ধৰ্মীয় আৰু আধ্যাত্মিক ৰীতি-নীতি, বিশ্বাস, সংস্কৃতি আদিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰা উচিত। ধৰ্মীয় বিশ্বাস, পৰম্পৰা, আচাৰ-অনুষ্ঠান, গীত-নৃত্য আদি কেৱল জাতীয় বা জনগোষ্ঠীয় পৰিচয়ৰ প্ৰতীক নহয়, বৰং এয়া স্বকীয় অস্তিত্বৰ মূল আধাৰ বুলি তেওঁ কয়। সম্প্ৰতি আধুনিকীকৰণ, প্ৰব্ৰজন আৰু বিভিন্ন বাহ্যিক কাৰকৰ বাবে যুৱ প্ৰজন্মৰ বহু প্রতিনিধি নিজৰ জাতীয় আৰু জনগোষ্ঠীয় শিপা তথা সংস্কৃতিৰ পৰা বিচ্ছিন্ন হ’বলৈ ধৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে সকলোৱে একত্রিতভাৱে এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু ইয়াৰ সমাধান সূত্ৰ উলিয়াব লাগিব। তেওঁ বাথৌ ধৰ্ম পৃথিৱীৰ অতি প্রাচীন ধৰ্মবোৰৰ ভিতৰত অন্যতম বুলিও কয়। নিজৰ চহকী সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তেহে বিশ্ব মঞ্চত বড়ো জাতিৰ অনন্য পৰিচয় চিৰ কাললৈ জিলিকি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। ঠেলামৰাত ৫০০খন বাথৌ থানশালিলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰত ২০০ খন বাথৌ থানশালিলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। চলিত বৰ্ষত আৰু ১০০খন বাথৌ থানশালিলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব বুলি ড০ শৰ্মাই কয়। তেওঁ বাথৌ থানশালি আৰু হেৰিটেজ চেণ্টাৰ নামেৰে গোৰেশ্বৰ, চিৰাং আৰু ঘোঁৰামৰা বা তেজপুৰত তিনিখন বৃহৎ বাথৌ থানশালি সুন্দৰকৈ গঢ়ি তোলাৰ বাবে ৫ কোটি টকাকৈ মুঠ ১৫ কোটি টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। নতুন দিল্লীত নিৰ্মাণ হ’বলগীয়া অসম ভৱনৰ চৌহদত নামঘৰ নিৰ্মাণৰ লগতে সিজু গছ ৰোপণ কৰি বাথৌ মহাসভাৰ সহযোগত বাথৌ ধৰ্মৰ গৌৰৱ গাথা দাঙি ধৰাৰ বাবে চৰকাৰে প্ৰয়াস চলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কালিৰ এই অনুষ্ঠানত সাংসদ ৰণগৌড়া নাৰ্জাৰী, বিধায়ক জলেন দৈমাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োও উপস্থিত থাকে।
Site Admin | April 7, 2025 11:31 AM | cm tamulpur himanta biswa sarma
খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি-সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বানঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
