ডাউনলোড
মোবাইল এপ

android apple
signal

এডভাণ্টেজ আছামত ১ লাখ কোটি টকা বিনিয়োগৰ আশা, বৰ্তমানলৈ ১,৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে কমেও ১ লাখ কোটি টকা বিনিয়োগৰ আশা কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত এখন সংবাদ মেলত এই কথা সদৰি কৰি কয় যে বৰ্তমানলৈকে প্ৰায় এহেজাৰ ৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱ আহিছে। তেওঁ কয় যে চৰকাৰে এইবাৰ বাস্তৱসন্মত বুজিবুজিৰ চুক্তিহে স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তাৱসমূহ চালি-জাৰি চাই আছে আৰু অহা ২৩ ফেব্ৰুৱাৰীত হ’বলগীয়া মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। মন্ত্রীসভাই অনুমোদন জনোৱা বুজাবুজি চুক্তিবোৰহে স্বাক্ষৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই এহেজাৰ ৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱৰ উপৰি ৰাজ্যৰ বিভিন্ন উদ্যোগীয়ে প্ৰায় ১২ হাজাৰ কোটি টকাৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰস্তাৱ দিছে। আজিম প্রেমজী ফাউণ্ডেচনে ৰাজ্যত এখন বিশ্ববিদ্যালয় আৰু বেদান্ত গ্রুপে এখন চিকিৎসালয় স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি উল্লেখ কৰি ড০ শৰ্মাই সন্মিলনত দেশৰ প্ৰসিদ্ধ উদ্যোগপতিসকলে নিজ নিজ বিনিয়োগৰ বিষয়ে ঘোষণা কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈদেশিক বিনিয়োগ সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভূটান, জাপান, ছিংগাপুৰ, থাইলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ প্ৰতিনিধি দলে এই বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰিব। ভূটানৰ দলটোক দেশখনৰ কৃষিমন্ত্ৰীয়ে নেতৃত্ব দিব। মালয়েছিয়াৰ এটা প্ৰতিনিধিৰ দলেও সন্মিলনত ভাগ লোৱাৰ সম্ভাৱনা আছে। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৩৫খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকল আহিব বুলি প্ৰকাশ কৰি ড০ শৰ্মাই কয় যে এই সংখ্যা ৫০লৈ বৃদ্ধি হ’ব পাৰে। তেওঁ কয় যে প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাষ্ট্রদূত আৰু উচ্চায়ুক্ত সকলৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিছে। তেওঁলোকে ২৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলে ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান উপভোগ কৰিব আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ অনুষ্ঠানত অংশ ল’ব।

ইপিনে, অষ্ট্ৰেলিয়া আৰু জাৰ্মানীয়ে অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা বিষয়টো পুনৰীক্ষণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অষ্ট্ৰেলিয়াই ইতিমধ্যে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা বলৱৎ হৈ থকা উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বাহিৰে ৰাজ্যৰ অন্য অংশ ভ্ৰমণৰ ক্ষেত্ৰত থকা বাধা-নিষেধ প্রত্যাহাৰ কৰিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এডভাণ্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীত উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক