ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব । কালি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হোৱা নাছিল। কিন্তু এতিয়াৰে পৰা আঁচনিখনৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম মন্ত্ৰী সভাৰ সিদ্ধান্ত অনুসৰি এই নতুন ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ প্ৰথম পৰ্যায় প্রায় ৭ লাখতকৈ অধিক নতুন হিতাধিকাৰীয়ে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। আনহাতে ডিচেম্বৰ মাহত ভিতৰতে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যই ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰৰ লগতে বজালী, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, শ্রীভূমি, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং জিলাকো সামৰি লোৱা হৈছে।