ডাউনলোড
মোবাইল এপ

android apple
signal

August 8, 2024 7:14 PM | Cm Nijut maina

printer

লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰে। এই আঁচনিখনে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল’ব। মুখ্যমন্ত্ৰীয়ে কয় যে, বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৈণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আনহাতে কন্যা- শিশুৰ মাজত নিহিত প্রতিভা বিকাশৰ ক্ষেত্ৰটো এই আঁচনিয়ে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে। মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক চৰকাৰে নিৰন্তৰভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃৰ আৰ্থিক বোজা হ্ৰাস পোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষা আধাতে এৰা ছাত্ৰীৰ সংখ্যা হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ’বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ টকাকৈ, স্নাতক প্রথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী এহেজাৰ ২৫০ টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে ১০ মাহলৈ মাহিলী দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। ইপিনে অসম চৰকাৰে এটা বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে যে স্নাতকোত্তৰ আৰু বি এড শিক্ষাৰ্থীৰ বাহিৰে আন বিবাহিতা ছাত্রী কিম্বা চাকৰিয়াল বি এড শিক্ষার্থী, মন্ত্রী-সাংসদ-বিধায়কৰ কন্যা, বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী লাভ কৰা ছাত্ৰীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ’ব। চিৰাং জিলাৰ কাজলগাঁৱৰ উপেন্দ্ৰ নাথ মহাবিদ্যালয়ত আজি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ‘নিযুত মইনা’ আঁচনিখন শুভাৰম্ভ কৰে। ইপিনে মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ দ্বাৰা এই আঁচনি শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি জিলাখনৰ ৫৬টা শিক্ষানুষ্ঠানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। শোণিতপুৰ জিলাতো এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে আজিৰে পৰা প্ৰ- পত্ৰ সংগ্ৰহ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। আজি তেজপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই এই আঁচনিৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰে । ইপিনে আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আঁচনি উদ্বোধন কৰাৰ পাছতে কাৰ্বি আংলঙত ৩৩ খন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলৰ মাজত আবেদন প্ৰ-পত্ৰ বিতৰণ কৰা হয়। এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ ৩ হাজাৰ ৪২৫ গৰাকী ছাত্রী উপকৃত হ’ব বুলি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰে। তিনিচুকীয়া জিলাতো এই আঁচনিখন ৪০ খন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিগবৈ মহিলা মহাবিদ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক সুৰেন ফুকন আৰু জিলা আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। মাজুলী মহাবিদ্যালয় আৰু পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ত আজি আঁচনি উদ্বোধনৰ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নিযুত মইনা আঁচনিৰ বাবে যোগ্য ছাত্ৰীসকলক প্ৰ-পত্ৰ বিতৰণ কৰা হয়। কৰিমগঞ্জ জিলাতো আজি এই আঁচনি মুকলি কৰা হয়।

অধিক পঢ়ক

সকলো চাওক