কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলং নিৰ্মাণৰ ফলত ৰূপাইবালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰলৈ ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ৮৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে। দলংখনৰ নিৰ্মাণে ন্যূনতম মূল্যত বিভিন্ন সামগ্ৰীৰ পৰিবহণ আৰু বিপণনৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু আৰ্থ-সামাজিক উন্নয়ন সাধন কৰিব বুলি আশা কৰা হৈছে।
ইপিনে, ঢলাইৰ বজালেঙাত আদর্শ স্নাতক মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবে ৩৫ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। কলা শাখাৰ পাঠ্যক্ৰমেৰে আৰম্ভ হ’বলগীয়া এই মহাবিদ্যালয়খন ৭ হাজাৰ ৮০০ বৰ্গ মিটাৰতকৈ অধিক এলেকা সামৰি নিৰ্মাণ কৰা হ’ব। মহাবিদ্যালয়খনত মুঠ ৩৩ টা শ্ৰেণীকোঠাৰ লগতে ৫টা প্রয়োগশালা থাকিব। ২০২৬ চনৰ ৩০ আগষ্টৰ ভিতৰত মহাবিদ্যালয়খন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কাইলৈৰ শিলান্যাস আৰু ভূমিপূজন অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায় আৰু উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম উপস্থিত থকাৰ কথা।

অধিক পঢ়ক

সকলো চাওক