ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত চলিত বছৰত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২ দশমিক ৫-৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪ দশমিক ২-৮ শতাংশ হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহণকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম হৈছে পথ দুৰ্ঘটনাত মৃত্যু হ্ৰাস হোৱা দেশৰ একমাত্ৰ ৰাজ্য। যোৱাবছৰ ৰাজ্যখনত ৬ হেজাৰ ৬৯৮টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা ১১ হাজাৰ ৫৫৮ লৈ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যখনক পথ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰে নিশা ১০ বজাৰ পাছত সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক চিনাক্ত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্ধিত দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী বাইপাছৰ ষ্ট্রীট লাইট, ফুট অভাৰব্ৰীজ, প্ৰতিফলক আদি স্থাপনৰ কাম ত্বৰান্বিত কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। এই বৈঠকতে ড০ শৰ্মাই বাণিজ্যিক ট্রাক তথা অন্যান্য বাহনৰ পিছফালে প্ৰতিফলক লগোৱাৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সীমান্তৱৰ্তী জিলাসমূহৰ আৰক্ষী অধীক্ষকক বিশেষ নির্দেশনা প্ৰদান কৰে। তদুপৰি এনে বাহনৰ চালকসকলৰ দৃষ্টি পৰীক্ষা কৰাৰ লগতে চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মাঘ বিহুলৈকে পথ সুৰক্ষা অভিযান আৰু নিৰীক্ষণ ব্যৱস্থা অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে বনভোজস্থলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবেও সকলো অংশীদাৰীক সামৰি নিৰ্দেশনা জাৰি কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আইন বলৱৎকাৰী সংস্থাসমূহৰ বিষয়াবৰ্গক অনুজ্ঞাবিহীন চালক আৰু অসাৱধানভাৱে গাড়ী চলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ঘন কুঁৱলীৰ সময়ত পথৰ সংকেতসমূহ দৃশ্যমান কৰি ৰাখিবলৈকো নিৰ্দেশ দিয়ে। তেওঁ লগতে মুখ্য চহৰসমূহত শীঘ্ৰেই ষ্ট্ৰীট লাইট স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক