ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ সকলো জিলাৰ আয়ুক্তক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক নির্দেশ দিছে। মহিলা উদ্যমশীলতা অভিযান সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীসকলক আর্থিক সাহায্য আগবঢ়োৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাৰ আয়ুক্তসকলক আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযানৰ কাম-কাজ সন্দৰ্ভত আয়ুক্তসকলৰ পৰা বুজ লোৱাৰ লগতে হিতাধিকাৰী মহিলা উদ্যমীসকলে যাতে ১০ হাজাৰ টকাকৈ লাভ কৰিব পাৰে সেই কথা সুনিশ্চিত কৰিবলৈকো নির্দেশ দিছে। উল্লেখযোগ্য যে, মহিলা উদ্যমশীলতা অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক

গোটসমূহক গ্রাম্য ক্ষুদ্র উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্রহণ কৰিছে। অহা মাহৰ ভিতৰত আঁচনিখনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ড০ শৰ্মাই নিৰ্দেশ দিয়ে।

তদুপৰি বান ক্ষতিগ্রস্ত লোকসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈকো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। কালি এই বৈঠকত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, মুখ্য সচিব ড০ ৰবি কোটাৰ উপৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক