চন্দ্ৰপুৰত ইছৰ’ৱে স্থাপন কৰিবলগীয়া মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ বাবে অহা জানুৱাৰীত মহাকাশ গৱেষণা কেন্দ্ৰটোৱে ৰাডাৰ স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ইছৰ‘ৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে।
অসম চৰকাৰে নিজাকৈ স্থাপন কৰিবলগীয়া কৃত্রিম উপগ্রহ সন্দৰ্ভতো তেওঁ ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে আলোচনা কৰা বুলি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, বৈঠকত ৰাজ্য চৰকাৰে নিজাকৈ স্থাপন কৰিবলগীয়া ASSAM TECH নামৰ কৃত্ৰিম উপগ্ৰহটোৰ বাবে ৰাজ্য চৰকাৰ আৰু ইছৰ‘ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। তদুপৰি লো অৰ্ধিত অর্থাৎ কম উচ্চতাসম্পন্ন কক্ষপথত স্থাপন কৰাবলগীয়া আন ছয়-সাতটা উপগ্ৰহৰ বিষয়টোৱেও কালি বৈঠকত স্থান লাভ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে অসমৰ ভূখণ্ডত অবিৰতভাৱে দৃষ্টি নিবদ্ধ ৰখাকৈ ৰাজ্য চৰকাৰে আছাম টেক নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেৱল অসমৰ মাটিত চকু ৰখাকৈ আৰু ৬-৭টা উপগ্রহ স্থাপনৰ বাবে চিন্তা-চৰ্চা কৰিছে। কম উচ্চতাসম্পন্ন কক্ষপথত অৱস্থান কৰাবলগীয়া উপগ্রহসমূহ অনুপ্ৰৱেশ ৰোধ কৰিব পৰাকৈ সীমান্ত সুৰক্ষা, বানৰ দৰে দুর্যোগ ব্যৱস্থাপনা, কৃষি ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ প্ৰয়োগ, আন্তঃগাঁথনিৰ উন্নয়ন তথা পৰিকল্পনা আৰু আৰক্ষী ব্যৱস্থাপনাৰ উন্নয়ন সাধনৰ বাবে স্থাপন কৰা হ‘ব।