ৰাজ্য চৰকাৰে শিপিনীসকলে গামোচাৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এইবছৰ চাৰে ৬ লাখ গামোচা ক্রয় কৰিছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ শিপিনীসকলক গামোচাৰ উচিত মূল্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে স্বনিৰ্ভৰ নাৰী নামৰ আঁচনিখনৰ জৰিয়তে এই ব্যৱস্থা লৈছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰে নিৰ্দিষ্ট নামত গামোচা ক্রয় কৰিলে শিপিনীসকলে বজাৰতো গামোচাৰ উচিত মূল্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মধ্যভোগীৰ পৰা গামোচাৰ বজাৰখন মুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ জিলা আয়ুক্তসকলক শিপিনীসকলৰ পৰা গামোচা ক্রয় কৰি চৰকাৰী কাৰ্যসূচীত ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায়। ভৱিষ্যতে প্ৰতিটো অসম ভৱনতে গামোচা বিক্ৰী কেন্দ্র মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
কালিৰ অনুষ্ঠানতে প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধন বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। কাইলৈ কামৰূপ জিলাৰ পলাশবাৰীত কেন্দ্ৰীয়ভাৱে এই যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব।