ডাউনলোড
মোবাইল এপ

android apple
signal

July 8, 2024 8:31 PM | cm meeting

printer

চলিত বৰ্ষত তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্ঠবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতা বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্যৰ দক্ষ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আনহাতে, তেওঁ জনতাভৱনত ৰাজ্যৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত এখন বৈঠকত মিলিত হৈ পৰিৱেশ সংৰক্ষণ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত স্থানীয় বসতি, মাটিকালিৰ পৰিমাণ আদিকে ধৰি বিভিন্ন বিষয় বিতংভাবে অধ্যয়ন কৰি ইতিবাচক আৰু গঠনমূলক পদক্ষেপ লোৱাৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। আন এখন বৈঠকত অংশ লৈ তেওঁ খেল মহাৰণৰ প্ৰতিভাৱান খেলুৱৈসকলৰ ক্ৰীড়া প্রতিভা অধিক বিকশাই তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক