ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 7:16 PM | cm jhumur pm assam

printer

সৰুসজাইত ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ সৰুসজাইত চলি থকা কেন্দ্ৰীয় আখৰাত ৰাজ্যৰ ৯ হাজাৰৰো অধিক শিল্পীয়ে ভাগ লৈছে। পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত  হ’বলগীয়া এই সৰ্ববৃহৎ ঝুমুৰ নৃত্য অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকিব। আজি এই উদ্দেশ্যে অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ জনগোষ্ঠী সম্প্রদায়ক বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে। কৃষিমন্ত্ৰী অতুল বৰাই সৰুসজাইত আজি চলি থকা ঝুমুৰ নৃত্য পৰিৱেশনৰ আখৰাত উপস্থিত হৈ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে নৃত্যশিল্পীসকলক উৎসাহ প্ৰদান কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বহু প্রত্যাশিত ঝুমইৰ বিনন্দিনী অনুষ্ঠানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত নতুন অধ্যয়ৰ সূচনা কৰিব বুলি মন্তব্য কৰিছে। আজি এই উদ্দেশ্যৰে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত এখন দলীয় সভাত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰৰ সফলতা সুনিশ্চিত কৰিবলৈ সমৱেতসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক