জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে বিগত ৩ বছৰত ৰাজ্য চৰকাৰৰ ভালেমান পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰে বিগত ৩ বছৰত জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভূমি, সম্পদ তথা সংস্কৃতি সুৰক্ষিত নোহোৱালৈকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব। এনে প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন জনোৱাসকলৰ নামত আধাৰ কার্ড জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি থলুৱা সম্প্রদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যত জনজাতীয় বেষ্টনী আৰু খণ্ড গঠন কৰাৰ বাবে বিশেষ বিধেয়ক যুগুতোৱাৰ ব্যৱস্থা কৰা হৈছে। কঠোৰ শাস্তিৰ জৰিয়তে লাভ জেহাদ সমস্যাৰ সন্মুখীন হোৱাৰ বাবেও এখন বিধেয়ক যুগুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক