■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকৰ সমর্থন বিচাৰে আৰু পৰামর্শ গ্রহণ কৰে। শ্রীমতী সীতাৰমনক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ এই সাক্ষাতৰ সুফলৰ বার্তা ৰাজ্যবাসীয়ে অনাগত সময়ত জানিব পাৰিব। মুখ্যমন্ত্রী শর্মাই কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াকো সাক্ষাৎ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শ্রমিক কল্যাণ আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰে।
Site Admin | September 11, 2024 11:36 AM | CMO Assam | FM India | FM Nirmala Nirmala Sitaraman | himanta bisha sarma