গদ্য সাহিত্যৰ জনক, মহাপুৰুষ দামোদৰ দেৱৰ শিষ্য শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৪৬৬ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ হিচাপে পৰিচিত এইগৰাকী পুৰোধাই অসমীয়া সমাজক আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে সাহিত্য সৃষ্টিৰে অৱদান আগবঢ়াইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষগৰাকীক প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব বুলি অভিহিত কৰে। ভাৰতীয় আঞ্চলিক ভাষাত কথা-সাহিত্যৰ জনকগৰাকীক আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ-নামঘৰসমূহৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰে। এই উপলক্ষে ভাগৱত পাঠ, আয়তীৰ কীৰ্তন, নাম-প্ৰসংগ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলাৰ ব্যাসকুছি আৰু পাটবাউসী সত্ৰতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
Site Admin | December 9, 2024 9:15 PM | cm himanta biswa bhattadev