● ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’লেই অসম সুৰক্ষিত হ’ব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ কালি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনৰ তথ্য দিব বুলিও ঘোষণা কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু বিধায়ক অখিল গগৈয়ে সুকীয়া সুকীয়াকৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ এখন জিলাৰ পৰা আন জিলালৈ যাব পৰাটো সাংবিধানিক অধিকাৰ হ’লেও সামাজিক কিছু প্রক্রিয়াও থাকে। নামনিৰ মানুহ উজনিলৈ যাবই বুলি কোৱাটো এটা আগ্রাসী মনোভাৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
অসম বিধানসভাত কালি দি আসাম কমপালছৰি ৰেজিষ্ট্ৰেছন অফ মুছলিম মেৰেজেছ এণ্ড ডিভ’ৰছেছ বিল ২০২৪ গৃহীত হয়। এই বিধেয়কখনে ইছলামধৰ্মী লোকসকলৰ বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ লগতে বিবাহ বিচ্চেদ ব্যৱস্থাৱলীৰ ক্ষেত্ৰত নতুনত্বৰ সংযোজন ঘটাব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে সদনৰ সন্মতি সাপেক্ষে কালি বিধেয়কখন উত্থাপন কৰে। বিধেয়কখনৰ বিৰোধিতা কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে সদন ত্যাগ কৰে। তাৰ মাজতে এই বিধেয়কখন গৃহীত হয়। মন্ত্ৰী মহনে উত্থাপন কৰা ভূমি আৰু ৰাজহ নীতি সংশোধনী বিধেয়ক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা বিভিন্ন সেৱা তথা পদত নিযুক্তিৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ সম্পৰ্কীয় সংশোধনী বিধেয়কখন কালি সদনত গৃহীত হয়। ইপিনে, ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাৰ বাবে ৯০ শতাংশ আসন সংৰক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। ইয়াৰ বাবে এবছৰৰ ভিতৰত আবাসিক নীতি গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ৰাজ্যত নিবনুৱাৰ পৰিসংখ্যাৰ ভুল তথ্য ওলোৱা বুলিও বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। ৰাজ্য চৰকাৰৰ চলিত কাৰ্যকালত ২ লাখ নিযুক্তি সম্পূৰ্ণ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে বিধানসভাত জানিবলৈ দিয়ে। ৰাজ্যত অহা ৩ বছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৩ লৈ বৃদ্ধি পাব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। অহা বছৰত গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰে । ২০২৬ চনত বঙাইগাঁও, বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত মাজুলী, হাউলী, গোৱালপাৰা, হোজাই আৰু হাফলঙত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ চিন্তা-চৰ্চা কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে, কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিগত এবছৰত ৰাজ্য চৰকাৰে হেলিকপ্তাৰ-চার্টার্ড বিমানৰ ভাৰাৰ নামত ৩১ দশমিক ৭২ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰে। ইয়াৰ ভিতৰত যোৱা বিত্তীয় বছৰটোত হেলিকপ্তাৰ ভাৰাৰ নামত ২৬ কোটি ৬৫ লাখ ৪৯ হাজাৰ ৪৭৯ টকা ব্যয় কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। একেদৰে চাৰ্টাৰ্ড বিমানত ভাৰাৰ নামত বিগত বৰ্ষটোত ৰাজ্য চৰকাৰে ৫ কোটি ৭ লাখ ৪২ হাজাৰ ৯৭৩ টকা ব্যয় কৰা বুলি জানিবলৈ দিয়ে।
বিধানসভাৰ মজিয়াৰ পৰা কালি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰীয়ে হিংসা বৰ্জন কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ ১৯ লাখ নিবনুৱাৰ স্বাৰ্থত কূটাঘাতৰ পৰা বিৰত থাকিবলৈ আলফাৰ সেনাধ্যক্ষগৰাকীক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ৰাজ্যত কূটাঘাত সংঘটিত হ’লে জাগীৰোডত স্থাপন হ’বলগীয়া টাটা উদ্যোগ বন্ধ হৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইপিনে, খাদ্য, ৰাজহুৱা বিতৰণ আৰু বিতৰণ পৰিক্ৰমা মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২ কোটি ৩১ লাখ ৯৭ হাজাৰৰো অধিক হিতাধিকাৰীক সামৰি ৬৬ লাখ ৮৬ হাজাৰৰো অধিক ৰেচন কার্ড প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। বিধানসভাৰ প্রশ্নোত্তৰকালত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে যদিহে কোনো যোগ্য লোক বা পৰিয়াল ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হৈ আছে, তেন্তে এই ব্যক্তিসকলক বাছনি কৰি পৰ্যায়ক্রমে ৰেচন কাৰ্ড প্রদান বা কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।
Site Admin | August 28, 2024 10:10 AM | Chief Minister Himanta Biswa Sarma | CMO Assam