ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ পাছতে ডিব্ৰুগড়ক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ তৎপৰতা বৃদ্ধি পাইছে। ডিব্ৰুগড়ৰ খনিকৰত ৰাজ্যৰ দ্বিতীয় বিধানসভা গৃহ ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন কৰি এই নির্মাণকার্য দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে। এই বিধানসভা গৃহ আৰু বিধায়ক আবাস গৃহৰ নিৰ্মাণকাৰ্যৰ নিবিদা প্ৰক্ৰিয়া মে’ত আৰম্ভ হ’ব বুলি উল্লেখ কৰাৰ লগতে নির্মাণকার্য আগষ্টত আৰম্ভ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া অসম বিধানসভা ভৱনত ভৱিষ্যতে ১৬০ গৰাকী বিধেয়ক বহিব পৰাৰ সুবিধা সম্বলিত হ’ব। ২০২৭ চনৰ শেষ ভাগলৈ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বছৰি দুখনকৈ অসম বিধানসভাৰ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে বিধানসভা ভৱনৰ সমীপত নিৰ্মাণ হ’বলগীয়া আৱৰ্ত ভৱনটোত চৰকাৰী বিষয়াসকলৰ বাবে ৭৫ টা কোঠা আৰু প্ৰস্তাৱিত বিধায়ক আবাসত ১২৬ গৰাকী বিধায়ক থাকিব পৰাকৈ সা-সুবিধা উপলব্ধ হ’ব। মুখ্যমন্ত্ৰীয়ে কালি খনিকৰ ষ্টেডিয়ামৰো নিৰ্মাণকাৰ্যৰ বুজ লয়। ষ্টেডিয়ামখনৰ আসনৰ ব্যৱস্থা পূৰ্বৰ ৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰা আৰু প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ শেষৰফালে সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ অৰ্থে পৌৰসভা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ সৈতে কালি আন এখন বৈঠকত মিলিত হয়। বর্তমানে থকা ১৫ টা কালভার্ট পুনৰ নিৰ্মাণ কৰিবলৈ আৰু মুৰুলীধৰ জালান বাছ টার্মিনাছৰ পৰা চেঁচালৈ ৪৫ কোটি টকা ব্যয়সাপেক্ষে ৯ হাজাৰ ৩৮৫ মিটাৰ দৈৰ্ঘ্যৰ এটা নতুন নলা নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে কালি ডিমৌ বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনি, শিৱসাগৰ জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, প্রধানমন্ত্রী আবাস যোজনা, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, এম জি এনৰেগা, স্বাস্থ্য আৰু শিক্ষা বিভাগ, কৃষি, অৰুণোদয়, অংগনৱাড়ী কেন্দ্র, প্রশাসনীয় ব্যৱস্থা আদিকে ধৰি বিভিন্ন বিষয়ক লৈ কেইবাখনো বৈঠকত মিলিত হয়। আজি তেওঁ লেপেটকটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড পৰিদৰ্শনৰ অন্তত গুৱাহাটীলৈ উভটিব।
Site Admin | March 22, 2025 12:16 PM | CM Dibrugarh Secretariat
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন
