অসমৰ মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰে। সপত্নীক দেশখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডº শৰ্মাই এই উপলক্ষে ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুক আৰু ভূটানৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ভাৰত আৰু ভূটান সভ্যতা কেন্দ্ৰিক সৌহার্দ্যপূর্ণ সম্পর্কৰে বান্ধ খাই আছে। অনাগত সময়ত দুয়ো দেশে পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখি উন্নয়নৰ শিখৰত উপনীত হ‘ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে ভুটানে পাৰিপাৰ্শ্বিকতাক সকলো নীতিগত সিদ্ধান্তৰ আধাৰ হিচাপে ৰাখি উন্নয়নমূলক প্রচেষ্টা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিফ্লুত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে দেশখনত অনুষ্ঠিত এডভান্টেজ আছামৰ ৰোড শ্ব‘ত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ শ্বেৰিং টবগে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন ২০২৫ৰ বাবে আমন্ত্ৰণ জনায়। এই ভ্রমণকালত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰে‘ল পথ নিৰ্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। তদুপৰি ভূটানৰ পৰা নামি অহা নৈসমূহৰ পৰা অসমত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভতো মুখ্যমন্ত্রীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।
Site Admin | December 17, 2024 6:48 PM | CM Bhutan Visit