মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত বিয়লি ৪ বজাত নির্বাচিত উদ্যোগীলৈ ক্ৰমে ২ লাখ আৰু ৫ লাখ টকাকৈ আগবঢ়োৱা হ’ব। উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আগ্রহী অৰ্হতাসম্পন্ন আৱেদনকাৰীসকলে পঞ্জীয়ন কৰিব পাৰে। চি এম এ এ এ প’ৰ্টেল cmaaa.assam.gov.inত প্রথমে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দিব পাৰিব। নিজৰ সম্পূৰ্ণ নাম, ম’বাইল নম্বৰ, ই-মেইল আই ডি আদি প্ৰদান কৰি প’ৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব। সাধাৰণ শ্ৰেণীৰ বাবে পঞ্জীয়ন মাচুল ২০০ টকা আৰু অনুসূচিত জাতি-জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১০০ টকা অনলাইন মাধ্যমেৰে জমা দিব লাগিব। সফল পঞ্জীয়নৰ অন্তত প্রাপ্তিস্বীকাৰৰ ৰচিড ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নৰ প্ৰ-পত্ৰত উল্লেখ কৰা নাম প্ৰাৰ্থীৰ পৰিচয়পত্র, বেংকৰ পাছবুক আদিৰ সৈতে একে হোৱাটো বাঞ্ছনীয়। আৱেদনকাৰী অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বসবাস কৰা ব্যক্তি হ’ব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ’ব লাগিব। আবেদনকাৰীৰ বয়স ১ এপ্রিল ২০২৪ত ২৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। অনাবৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে দশম শ্রেণী উত্তীৰ্ণ হ’ব লাগিব। ইফালে বৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে অভিযান্ত্রিক, মেডিচিন, কৃষি, পশু আৰু মীন পালন আদি খণ্ডৰ চাৰি বছৰীয়া স্নাতক হোৱাটো বাঞ্ছনীয়। ন্যূনতম শিক্ষাগত অৰ্হতাৰ লগতে আবেদনকাৰীৰ কিছু অন্যান্য অৰ্হতা থকাটো প্রয়োজন। আবেদনকাৰীৰ দক্ষতা, অভিজ্ঞতা, ধন উপার্জন সম্পৰ্কীয় কাম কৰাৰ জ্ঞান থকাটো প্রয়োজন। বাণিজ্যিক বেংকত আবেদনকাৰীৰ এক এপ্রিল ২০২৪ৰ পূৰ্বৰ বেংক একাউণ্ট থকাটো প্রয়োজনীয়। আবেদনকাৰী পূৰ্বে কোনো বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰা ব্যক্তি হ’ব নালাগিব। ইয়াৰ লগতে আবেদনকাৰী অথবা পৰিয়ালৰ কোনো সদস্যই চি এম এ এ এ প্রথম পর্যায়ৰ সুবিধা লাভ কৰিব নালাগিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ২৫ হাজাৰতকৈও অধিক যুৱ উদ্যমীলৈ ৫১০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ ধন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।
Site Admin | October 18, 2024 11:43 AM | cm atmonirvor axom avijan