মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ২৫ হাজাৰৰো অধিক যুৱ উদ্যমীলৈ ৫ হাজাৰ ১০০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলি কৰাৰ পাছত এইবাৰ বাকী থকা ৫ খন জিলাত এই অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব। এই জিলাকেইখন হৈছে– নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলা। নিৰ্বাচিত উদ্যোগীসকললৈ ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত আর্থিক সাহায্য আগবঢ়োৱা হ’ব। আগ্রহী যুৱক-যুৱতীসকলে cmaaa.assam.gov.in ত প্ৰথমে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দিব লাগিব। পঞ্জীয়নৰ প্ৰ-পত্ৰত উল্লেখ কৰা নাম প্ৰাৰ্থীৰ পৰিচয় পত্র, বেংকৰ পাছবুক আদিৰ সৈতে একেই হোৱাটো বাঞ্ছনীয়। আজিৰেপৰা এই পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰা হৈছে আৰু ৯ ডিচেম্বৰত পঞ্জীয়নৰ অন্ত পৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ৰাজ্যত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে ঔদ্যোগিকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিৰ দ্বাৰা নৱ-প্ৰজন্মক আত্ম-নিৰ্ভৰশীল হ’ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদান কৰা হৈছে।
Site Admin | November 25, 2024 12:04 PM | cm atmonirvor axom 2nd phase 5 district