মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পানীগাঁও চাৰিআলিত থকা ডচন স্কুল খেলপথাৰত এখন নির্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

এই সভাৰ পাছতে সুৰেশ বৰাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ নীতিৰে দেশ আগবাঢ়ি গৈছে বুলি মন্তব্য কবি কয় যে, এই সময়ছোৱাত দেশত শান্তি স্থাপন হোৱাৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ’ল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশ লয়।

Image

আনহাতে বিত্ত মন্ত্রী অজন্তা নেওগে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত বৰহোলা অঞ্চলৰ ঠায়ে ঠায়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। বৰহোলা সোণোৱাল কছাৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত নির্বাচনী প্ৰচাৰ সভাত ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান করে। বিত্ত মন্ত্রীগৰাকীয়ে লগতে তিতাবৰ সমষ্টিৰ ৮৩ নম্বৰ নামচুঙি পঞ্চায়তত প্ৰচাৰ সভাত অংশগ্রহণ কৰে। সভাত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্রতাপ কছাৰীকে ধৰি অসম গণ পৰিষদৰ কার্যকর্তাসকল উপস্থিত থাকে। ইপিনে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্রার্থী গৌৰৱ গগৈয়ে আজি মাজুলীৰ নামনি আৰু পূব কলিতাপাৰ, নতুন চাপৰি, চেৰপাইখোৱা আদিকে ধৰি কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলীনা তির্কীয়ে কলিয়াবৰৰ মিছাত নির্বাচনী কার্যালয় মুকলি কৰাৰ লগতে মিছামুখ, হালোৱা গাঁও, শিলঘাট, কেলিডেন চাহ বাগিচা, শালনা আদি অঞ্চলত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক