বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট-ছেপ্তেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল-সলনিকে ধৰি সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছে। কালি কাৰ্বি আংলং জিলাত নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল-সলনি হ’ব বুলি ইংগিত দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধিক স্পষ্টকৈ প্ৰকাশ কৰি কয় যে, অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্রকাশ পোৱাৰ পাছতেই আগষ্ট-ছেপ্তেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল-সলনিকে ধৰি সম্প্ৰসাৰণ কৰা হ’ব। উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ, আবকাৰী, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মন্ত্ৰী শুক্লবৈদ্য সাংসদ হিচাপে নির্বাচিত হোৱাৰ লগে লগে অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব। যদি সেয়াই হয় তেতিয়াহ’লে বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে।
Site Admin | April 22, 2024 11:22 AM | CM assam
আগষ্ট-ছেপ্তেম্বৰত হ’ব অসম মন্ত্ৰীসভাৰ সাল-সলনি আৰু সম্প্ৰসাৰণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা
