মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা দুমাহৰ ভিতৰত গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ পলাশবাৰীত আয়োজিত এটা অনুষ্ঠানত ড° শৰ্মাই কালি সাংবাদিকৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে এই প্ৰকল্পৰ ঠিকাৰ বাবে আৱণ্টন দিয়াৰ কথা প্ৰকাশ কৰি কয়, যে অহা দুবছৰৰ ভিতৰত ৰিং ৰোড প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব। এই ৰিং ৰোড প্রকল্প সম্পূৰ্ণ হোৱাৰ পাছত যাতায়াত ব্যৱস্থা অধিক সুচল কৰিবলৈ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকে এটা এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ৰিংৰোড প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰীয়ে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় লাভ কৰিব বুলিও ড° শৰ্মাই উল্লেখ কৰে।