মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হয়। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কালি দক্ষিণ কোৰিয়া চৰকাৰৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰখনৰ বানপ’ হানংগা নদী উদ্যান পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো একেধৰণৰ চিন্তা তথা দৰ্শনেৰে গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট প্রকল্প নিৰ্মাণ কৰি থকা হৈছে আৰু শীঘ্ৰে উদ্যানখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি তেওঁ সামাজিক মাধ্যমযোগে সদৰি কৰিছে।
দক্ষিণ কোৰিয়া ভ্রমণ সামৰি মুখ্যমন্ত্ৰীয়ে অসমলৈ বিনিয়োগ বিচাৰি টকিঅ’ত উদ্যোগপতি তথা ব্যৱসায়িক নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ’ব। লগতে ড° শৰ্মাই দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমত এক্ট-ইষ্ট নীতিক সুদৃঢ় কৰাৰো প্ৰয়াস কৰিব। জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তত অহা ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰলৈ ৰাওনা হ’ব।
Site Admin | January 20, 2025 1:07 PM | CM assam
দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা কালি ছিউলত উপস্থিত
