মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰে অব্যাহত ৰখা এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্ৰাক এখোজ আগুৱাই ৪৬৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই প্রার্থীসকলক শিক্ষা, শক্তি আৰু তথ্য-জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্রি বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তিপ্রাপ্তসকলৰ ভিতৰত ৩০৬ গৰাকীয়ে শক্তি বিভাগৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ অধীনত কণিষ্ঠ প্ৰবন্ধক পদত নিযুক্তি লাভ কৰিছে। সেইদৰে ৫৯ গৰাকীয়ে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, ৫৮ গৰাকীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৯ গৰাকীয়ে শিক্ষক, তিনিগৰাকীয়ে নিম্নবৰ্গৰ সহায়ক আৰু ১১ গৰাকীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, বিদ্যালয় শিক্ষা বিভাগৰ অধীনত ৯ গৰাকীয়ে অসম শিক্ষা সেৱা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। সেইদৰে তথ্য-জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্রি বিভাগৰ অধীনত ৪ গৰাকীয়ে জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া আৰু ৬ গৰাকীয়ে কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলক উদ্দেশ্যি বক্তব্য প্ৰদানৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ শিক্ষা-অসমৰ অধীনৰ মৃত কৰ্মচাৰী আৰু টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক- শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মৃত্যু প্ৰতিগৰাকী কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।
Site Admin | July 26, 2024 7:50 PM | CM assam