মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ শীঘ্ৰে ৰাজ্যত নতুন বাসিন্দা নীতি প্ৰণয়ন কৰা হ’ব বুলি মন্তব্য কৰে। সভাত দলীয় সদস্যসকলক সম্বোধন কৰি তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰ এক লাখ চৰকাৰী চাকৰিত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিছে। চাকৰি লাভ কৰা প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা প্রকাশ হ’লে এই কথা স্পষ্ট হৈ পৰিব বুলি তেওঁ দৃঢ়তাৰে কয়। চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়া বাসিন্দাৰ অগ্ৰাধিকাৰৰ প্ৰসংগত তেওঁ কয় যে, বাসিন্দা নীতিৰ অধীনত ৰাজ্যখনত জন্মগ্রহণ কৰা লোকেহে চৰকাৰী চাকৰি লাভৰ বাবে যোগ্য বিবেচিত হ’ব। মুখ্যমন্ত্রী শর্মাই ইয়াৰ লগতে লাভ জিহাদ সম্পৰ্কীয় গোচৰসমূহৰ বাবে নতুন আইন প্ৰণয়নত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে। তেওঁ কয় যে, এই আইন যথেষ্ট কঠোৰ হ’ব আৰু আইনখনৰ আধাৰত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তী বিহা হ’ব।ক্রয়- ইফালে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত ভূমি কিনা-বেছাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আন এটা সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পিছতহে এই ধৰণৰ ভূমি -বিক্ৰয়ৰ কাম আগবঢ়াব পৰা যাব। আনহাতে নতুন আইন প্ৰণয়নেৰে ৰাজ্যত শীঘ্ৰেই জনজাতীয় বেল্ট আৰু ব্লক স্থাপন কৰা হ’ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে, এই আইনৰ অধীনত সৰু সৰু গাঁওবোৰত জনজাতীয় লোকৰ জনসংখ্যা পর্যাপ্ত থকাটো সুনিশ্চিত কৰা হ’ব আৰু অ-জনজাতীয় লোকসকলে তাত মাটি ক্ৰয় কৰিবলৈ অসমৰ্থ হ’ব। ইপিনে ৰাজ্যৰ ১৩ খন চিকিৎসা মহাবিদ্যালয়ত নৱজাতকক জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড প্ৰদানৰ প্ৰকল্প আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰথম অৱস্থাত এই প্রকল্প কেৱল চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হ’ব যদিও ইয়াৰ পাছত আঁচনিখন সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব। ৰাজ্য চৰকাৰৰ এনে আঁচনি আৰু খিলঞ্জীয়াৰ প্ৰতি থকা আন্তৰিকৰ প্ৰচেষ্টাৰ বাবে ২০২৬ চনত হ’বলগীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জয় অৱশ্যাম্ভাৱী বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে দাবী কৰে ।
Site Admin | August 5, 2024 12:23 PM | CM announcement