ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণৰ্কৰণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। এই বৈঠকতে যোৰহাট, ডিব্ৰুগড় ঘাইপথৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। কাজিৰঙা এলিভেটেড কৰিড‘ৰ, বাইহাটা চাৰিআলি-তেজপুৰ ঘাইপথ সম্প্ৰসাৰিত চাৰিলেনযুক্তকৰণ, কমলাবাৰী আৰু নিমাতীঘাট সংযোগী মাজুলী দলঙৰ পুনৰ নিবিদা সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড় সুৰংগৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা হয়। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসমৰ সাংসদসকলে এই বৈঠকত অংশ লয়। উল্লেখযোগ্য যে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই প্রকল্পসমূহৰ ৰূপায়ণে উত্তৰ পূৰ্বাঞ্চলত পৰিবহন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক বাস্তৱায়িত কৰিব।
Site Admin | October 22, 2024 5:55 PM | CM & amit sha