October 22, 2024 8:06 PM | CM

printer

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ সৈতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত আজি নতুন দিল্লীত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণকৰণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। এই বৈঠকতে যোৰহাট, ডিব্ৰুগড় ঘাইপথৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় ৷ কাজিৰঙা এলিভেটেড কৰিডৰৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত বাইহাটা চাৰিআলি-তেজপুৰ ঘাইপথ সম্প্ৰসাৰিত চাৰিলেনযুক্তকৰণ, কমলাবাৰী আৰু নিমাতীঘাট সংযোগী মাজুলী দলঙৰ পুনৰ নিবিদা সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড় সুৰংগৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱেম্বৰৰ শেষলৈ ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ নিবিদা কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুচল যাতায়াত, যোগাযোগ ব্যৱস্থা, আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে প্রকল্পসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ হব বুলি আশ্বাস দিয়ে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অসমৰ সাংসদসকলে এই বৈঠকত অংশ লয়। উল্লেখযোগ্য যে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই প্রকল্পসমূহৰ ৰূপায়ণে উত্তৰ পূৰ্বাঞ্চলত পৰিবহণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক বাস্তৱায়িত কৰিব।

অধিক পঢ়ক

সকলো চাওক