September 12, 2024 7:44 PM | CM

printer

জনসাধাৰণক ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমত শেহতীয়াকৈঅবৈধ ট্রেডিং সম্পৰ্কীয় অপৰাধৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক এনেধৰণৰ ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। বিনিয়োগ কৰা ধন অতি কম সময়ৰ ভিতৰতে দুগুণ হ’ব বুলি কোনো লোকে কৰা দাবী স্পষ্টতঃ ভুৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে এনেধৰণৰ অপৰাধ ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইফালে, অনলাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাই ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰিছে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পাছৰেপৰা চুমি বৰা আৰু তেওঁৰ স্বামী পলাতক অৱস্থাত আছিল। দহদিন পলাতক হৈ থকাৰ বাবে অসম আৰক্ষীয়ে তেওঁলোকলৈ লুক-আউট জাননী জাৰি কৰিবলগীয়া হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ হোৱা এই কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকনৰ সৈতে জড়িত থকাৰ অভিযোগত চুমি বৰা আৰু তেওঁৰ স্বামীক আটক কৰিছে। এই অভিযুক্তকেইজনে ট্রেডিং ব্যৱসায়ত বিনিয়োগ কৰিবলৈ বিভিন্ন লোকক প্রলোভন দিয়াৰ লগতে দুমাহত ৩০ শতাংশ ধন ওভোটাই দিয়াৰ প্রতিশ্রুতি দিছিল। তেওঁলোকে আনকি ভুৱা তথ্য প্ৰদান কৰিও বিনিয়োগকাৰী গ্ৰাহকসকলক প্রলোভিত কৰিছিল। আজি আটক কৰাৰ পাছত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ৫ দিনৰ বাবে নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে। অবৈধ অনলাইন ট্রেডিঙৰ অভিযোগত আজি চুমি বৰা আৰু তার্কিক বৰা গ্ৰেপ্তাৰ হোৱা ঘটনাত মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে আইনে সক্রিয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল’ব। কোনো লোকে জনসাধাৰণক ট্রেডিঙৰ নামত প্ৰৱঞ্চনা কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰৱঞ্চনা কৰা ৯০ শতাংশ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে, গুৱাহাটী আৰক্ষীয়ে আজি বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আন এগৰাকী অবৈধ ধন লেনদেন কাৰ্যৰ অভিযুক্ত মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, গুৰুতৰ অবৈধ অনলাইন টেডিঙৰ ঘটনাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে, এনেধৰণৰ অবৈধ ধন লেনদেনৰ ব্যৱসায়ত আন এজন অভিযুক্ত দীপাংকৰ বৰ্মন নামৰ লোকজন পলাতক অৱস্থাত আছে। ইফালে, কংগ্ৰেছ দলে ভুৱা টেডিঙৰ নামত বৃদ্ধি পোৱা বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ন্যায়িক তদন্তৰ আহ্বান জনাই আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ‍ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ভুৱা ট্রেডিঙৰ নামত ৰাজ্যখনৰ বহু বিনিয়োগকাৰী ক্ষতিৰ সন্মুখীন হৈছে বুলি পত্ৰখনত উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত কেন্দ্ৰীয় সংস্থাসমূহৰ দ্বাৰা তদন্তৰ বাবেও দলে দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক