September 9, 2024 8:16 PM | CM

printer

ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে বিভিন্ন দিশ চালিজাৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি এখন বৈঠকত মিলিত হয়। এই পৰ্যায়ত ৩৭ লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলী এহেজাৰ ২৫০ টকাকৈ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি বৈঠকত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি-নির্দেশনাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, এইবাৰ এই আঁচনিৰ অধীনত ৰাজনৈতিকভাৱে সক্ৰিয় পৰিয়ালসমূহক এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখাটো নিশ্চিত কৰা হব। তদুপৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজৰ-আপত্তি নিৰাময়ৰ বাবে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি দৰিদ্ৰ আৰু প্ৰান্তীয় অঞ্চলৰ হিতাধিকাৰী চিনাক্ত কৰাৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, ২০২০ চনত আৰম্ভ কৰা এই আঁচনিয়ে প্ৰথম অৱস্থাত ১৯ লাখ লোকক মাহিলি ৮৩০ টকাকৈ প্ৰদান কৰিছিল। সম্প্ৰতি ৩৭ লাখ লোকক ইয়াৰ দ্বাৰা উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে, এই আঁচনি ৰূপায়ণ কৰি অসম মহিলা হিতাধিকাৰীসকলক এনেধৰণে প্ৰথমবাৰৰ বাবে ধন প্ৰদান কৰা ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। দেশৰ কেবাখনো ৰাজ্যই অসমৰ পৰা এই আঁচনিৰ আৰ্হি গ্ৰহণ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক