ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰাজ্যখনত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ পৰিচালন সঞ্চালক ড° কৃষণ কুমাৰৰ সৈতে আলোচনা কৰে। সংস্থাটোৰ অধীনত ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ঘাইপথ প্রকল্প, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথ আৰু বাইহাটা চাৰিআলি-তেজপুৰ আৰু গহপুৰ-কুলাজান ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। নতুন দিল্লীত কালি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সাৰ দপ্তৰৰ সচিব ৰজত কুমাৰ মিশ্ৰক সাক্ষাৎ কৰে। শেহতীয়াকৈ কেন্দ্রীয় মন্ত্রীসভাই অনুমোদন জনোৱা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ব্ৰাউন ফিল্ড এম’নিয়া পৰিসৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সচিবগৰাকীৰ সৈতে আলোচনা কৰে।
Site Admin | April 8, 2025 12:14 PM | cm meeting
ৰাজ্যত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কত ড° কৃষণ কুমাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা
