September 6, 2024 1:31 PM | CM

printer

অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃণমূল পৰ্যায়ত জনসাধাৰণ কেন্দ্ৰিক ফলপ্রসু প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে ৰাজ্যিক কেবিনেটে অহা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ প্ৰথম পৰ্যায়ত ৩৯ খন উপ জিলা কাৰ্যকৰী কৰি তোলাত অনুমোদন জনাইছে। ইয়াৰ ফলত বিধানসভা সমষ্টিভিত্তিক উপায়ুক্তৰ কাৰ্যালয় স্থাপনৰ পথ প্ৰশস্ত হ’ব।

অধিক পঢ়ক

সকলো চাওক