অসম চৰকাৰে ১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এডভান্টেজ আচাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশহিচাপে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত ছিংগাপুৰত দেশখনৰ আগশাৰীৰ উদ্যোগপতিৰ সৈতে হোৱা আলোচনাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমৰ সম্পদ আৰু ভৌগোলিক স্থিতিৰ সুবিধাৰে ৰাজ্যখনে দেশৰ অন্যতম বিকশিত ৰাজ্য হোৱাৰ বিশত আগুৱাই গৈছে। ৰাজ্যত ব্যৱসায় অনুকূল পৰিৱেশ সুদৃঢ় কৰাৰ বাবে নুমলীগড় সম্প্ৰসাৰণ, টাটা ছেমি কণ্ডাক্টৰ আৰু নামৰূপ সাৰ কাৰখানাৰ তিনিটা প্ৰকল্প সময়মতে ৰূপায়িত কৰাৰ বাবে চৰকাৰে নিষ্ঠাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভ্ৰমণ কালত ড° শৰ্মাই ছিংগাপুৰৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ সন্মুখত অসমৰ ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ সুবিধা আৰু সূচল ব্যৱস্থা সন্দৰ্ভত উপস্থাপন কৰে। তেওঁ লগতে বিনিয়োগকাৰীসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। চৰকাৰে এতিয়ালৈকে ছিংগল উইণ্ডো ক্লিয়ান্সে ব্যৱস্থাৰে প্ৰায় আঢ়ৈ লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন জনাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। ভ্ৰমণ কালত মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰলৈ অসমৰ পৰা যোৱা সেৱিকাসকলকো সাক্ষাৎ কৰে। ড° শৰ্মাই তেওঁলোকৰ সৈতে নাৰ্চিং শিক্ষা সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে মত-বিনিময় কৰে।
Site Admin | February 14, 2025 12:49 PM | CM
১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰা বুলি মুখ্যমন্ত্রীৰ প্রকাশ
