ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 8:04 PM | CM | CM Singapore

printer

ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত- এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্রধানমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ শলাগ লয়। মুখ্যমন্ত্ৰী শৰ্মাই আজি ছিংগাপুৰত এটা ৰোড শ্বতো অংশ লয়। ২০০তকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই ৰোড শ্বত বিনিয়োগকাৰীসকলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ ক্ষেত্ৰত অসমৰ ভূমিকাক লৈ আগ্ৰহ প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে প্ৰস্তাৱিত ১৪৩ বিলিয়ন ডলাৰৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন, ১২ দশমিক ২ বিলিয়ন ডলাৰৰ আন্তগাঁথনি পুনৰ নিৰ্মাণ, দৈনিক ১৫ কিলোমিটাৰ পথ নিৰ্মাণ, ৬হাজাৰ মেগাৱাট সেউজ শক্তিৰ আহৰণৰ লক্ষ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত অসমে বিনিয়োগকাৰী সকলক লাভান্বিত হোৱাত সহায় কৰিছে। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে প্ৰতিগৰাকী সম্ভাৱ্য বিনিয়োগকাৰীক এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ ৰাজ্যখনত বিভিন্ন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি ইয়াৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহ প্ৰত্যক্ষ কৰে। তেওঁ লগতে ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থাৰ অংশীদাৰ সকলকো সাক্ষাৎ কৰে। ইয়াৰপূৰ্বে, পুৱাৰ ভাগত ড° শৰ্মাই ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰ সকলৰ সৈতে ফলপ্ৰসু আলোচনাত মিলিত হয়। তেওঁ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে টাটা ইলেক্ট্রনিকছ, কীচাইট প্রযুক্তি, ইকছফট, ছিংগাপুৰ বিজনেছ ফেডাৰেচন, ইণ্ডিয়ান অচেন গ্ৰুপকে ধৰি অন্যান্য উদ্যোগৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়।

অধিক পঢ়ক

সকলো চাওক