চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ‘ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি কোকৰাঝাৰত বি টি আৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা ৩০ ছেপ্তেম্বৰৰ পূৰ্বে অর্থাৎ শাৰদীয় দুর্গা পূজাৰ আগেয়ে বি টি চি নিৰ্বাচনৰ কাম-কাজসমূহ সম্পন্ন হ‘ব। ২০২৬ চনত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছেপ্তেম্বৰৰ ভিতৰতেই এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে এই নিৰ্বাচনত বিজেপিৰ ইউ পি পি এলৰ সৈতে মিত্রতা অব্যাহত থাকিব নে নাই সেই সন্দৰ্ভত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে ।
Site Admin | January 29, 2025 12:41 PM | CM
চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা
