ডাউনলোড
মোবাইল এপ

android apple
signal

January 27, 2025 7:08 PM | CM

printer

জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । ড° শৰ্মাই জোনাই ৰাজহচক্ৰত ২০৭ খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ ভূমি বিষয়ক কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰাত সহায় হোৱাকৈ এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিভাগটোৰ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। তেওঁ লগতে সমজিলাখনৰ গ্ৰামাঞ্চলৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু এটা নতুন উন্নয়ন খণ্ড গঠন কৰিবলৈ যাৱতীয় পৰামৰ্শ আগবঢ়ায়। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ বিষয়ে আলোচনা কৰি ধেমাজি জিলাত ইয়াৰ অধীনত ভূমিপট্টা প্ৰদান কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত ভূমিক চৰকাৰী উন্নয়নমূলক কাম-কাজত ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণৰ পাছত নতুনকৈ চিনাক্তকৰণ হোৱা ভূমিত বনানিকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ড° শৰ্মাই এইক্ষেত্ৰত বিশেষকৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক