মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি জাপান ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ ৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত হৈ এই কথা প্রকাশ কৰে। তেওঁ লগতে অসমক দেশৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
মুখ্যমন্ত্রী শর্মাই আজি তেওঁৰ জাপান ভ্রমণৰ তৃতীয় দিনা দেশখনৰ কেইবাগৰাকীও শীর্ষ উদ্যোগপতিক সাক্ষাৎ কৰিব। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে জাপানৰ বিনিয়োগকাৰীসকলক আমন্ত্রণ জনায়।