মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বন, পৰিবহণ, আবকাৰী আদি বিভাগৰ বিগত বৰ্ষৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত হোৱা কৰ সংগ্ৰহ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সম্ভাৱ্য কৰ সংগ্ৰহৰ বুজ লোৱাৰ লগতে এই বিভাগসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনাও প্রদান কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ লগতে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু পদক্ষেপসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ সৃষ্টিকাৰী বিভাগসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
Site Admin | January 9, 2025 7:00 PM | CM
অজন্তা নেওগৰ উপস্থিতিত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
