ডাউনলোড
মোবাইল এপ

android apple
signal

January 7, 2025 1:08 PM | CM

printer

ৰাজ্য চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা

অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে এই আহ্বান জনায়। তেওঁ এই অনুষ্ঠানতে উদ্যোগপতিসকলক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক নিজৰ উদ্যোগত অনুপ্ৰৱেশকাৰীসকলক শ্রমিক বা কৰ্মচাৰী হিচাপে নিয়োগ নকৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ২০১৮ চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে।

তিনিদিনীয়া মুম্বাই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয়, যে টাটা গোটকে ধৰি আগশাৰীৰ কেইবাটাও ব্যৱসায়িক গোটৰ সৈতে বিভিন্ন ধৰণৰ আলোচনা কৰা হৈছে। ইতিমধ্যে টাটা গোটে অসমত ৩০ হাজাৰ কোটিৰ ছেমি কণ্ডাক্টৰ উদ্যোগ নিৰ্মাণ কৰিছে। ৰাজ্যখনৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি আৰু সুযোগৰ ওপৰত মুখ্যমন্ত্ৰী ডº শৰ্মাই গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে অসমত ৫টা তেল শোধনাগাৰ আৰু এটা সমৃদ্ধিশালী পর্যটন খণ্ড আছে। বৰ্তমান ছেমি কণ্ডাক্টৰ, প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ নিৰ্মাণত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। সমাগত সময়ত অসম বিনিয়োগৰ বাবে সূচল স্থান হিচাপে পৰিগণিত হ’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৮ দশমিক ৭-৮ বিলিয়ন ডলাৰৰো অধিক হৈছে বুলিও ৰাজ্যৰ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক