বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম সজাগ হ’বৰ হ’ল বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যখনত প্রতিদিনে প্রায় ২০-২৫ জন বাংলাদেশীক আটক কৰা হৈছে। ৰাজ্যখনত নজনাকৈ কিমান বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিছে, সেয়া নিৰ্ণয় কৰাটো কঠিন বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত জেহাদীৰ তৎপৰতা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এনে সংগঠনৰ সৈতে জড়িত কেইবাজনকো আৰক্ষীয়ে অস্ত্ৰ-শস্ত্রসহ গ্ৰেপ্তাৰ কৰিছে।
Site Admin | December 26, 2024 12:11 PM | CM