ডাউনলোড
মোবাইল এপ

android apple
signal

December 23, 2024 12:54 PM | CM

printer

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব।

আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হবলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। বর্তমান গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ ল’ব।

মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি ডিব্ৰুগড় মানকটা খেলপথাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত নগদ ধন আৰু সাহায্য বিতৰণ কৰা হৈছে। অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত দুহেজাৰ ৫৯৩ গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান কৰাৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা এহেজাৰ ২৫৫ গৰাকী ছাত্র-ছাত্রীক নগদ ধন প্রদান কৰা হয়। সেইদৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১০, ২৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্রদান কার্যসূচী আৰম্ভ কৰা হয়।

এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ জিলাসমূহত চলি থকা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰিব।

অধিক পঢ়ক

সকলো চাওক