কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড‘ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰা হ‘ব। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, যে ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰস্তাৱক মান্যতা প্ৰদান কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-ডিব্ৰুগড় সম্প্ৰসাৰিত অংশৰ কামৰ গতি এতিয়া ক্ষীপ্ৰ কৰা হৈছে। তদুপৰি যোৰহাটৰ মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে আলোচনাকালত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কালিৰ বৈঠকত ৰাজ্যত চলি থকা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ প্ৰকল্পসমূহৰ বিষয়েও পর্যালোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে আন এক আলোচনাত মিলিত হৈ উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত অষ্টলক্ষ্মী মহোৎসৱ আৰু ৰাজ্যত চলিত উন্নয়নমূলক প্ৰকল্পৰ সৈতে সম্পর্কিত বিষয় সন্দৰ্ভত আলোচনা কৰে। আলোচনা কালত মন্ত্ৰীগৰাকীক অহা ফেব্ৰুৱাৰীত গুৱাহাটীত হ‘বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সন্মিলনলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্রী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাকো সাক্ষাৎ কৰে।
Site Admin | December 4, 2024 12:41 PM | Himanta Biswa Sarma