ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:12 PM | cinema anniversary

printer

ঢাকাত ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ১১১ বছৰীয়া জয়ন্তী উপলক্ষে বাংলাদেশৰ ঢাকাৰ ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি কৰা হয়। ভাৰতৰ উচ্চ আয়ুক্ত প্ৰণয় ভার্মাই ঢাকাত ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই প্রদর্শনীখন মুকলি কৰে। উদ্বোধনী ভাষণত উচ্চ আয়ুক্তগৰাকীয়ে কয়, যে ১৯১৩ চনৰ ২১ মেত নির্বাক ছবি ৰাজা হৰিশ্চন্দ্ৰৰ মুক্তিৰ পৰা ভাৰতীয় চলচ্চিত্ৰ যাত্ৰা আৰম্ভ হোৱা বুলি বিবেচিত হৈছে আৰু এই যাত্ৰাই ২০২৫ চনত ১১১ বছৰ অতিক্ৰম কৰিছে। উচ্চ আয়ুক্তগৰাকীয়ে মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বাংলাদেশৰ জনসাধাৰণ ২০২৫ চনৰ ১ ৰ পৰা ৪ মেলৈ মুম্বাইত হবলগীয়া বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন,WAVES ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয চলচ্চিত্ৰৰ বিৱৰ্তনত বিভিন্ন চলচ্চিত্ৰ জগতৰ কিংবদন্তি ব্যক্তিত্বৰ অৱদান সম্পর্কে ঢাকাত অনুষ্ঠিত প্রদর্শনীত আলোচনা কৰা হয়। অনুষ্ঠানত প্রশংসিত তথ্য ‘THE ELEPHANT WISHPERERS’ প্ৰদৰ্শন কৰা হয়। কেবাগৰাকীও চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তি, শিল্প অনুৰাগী আৰু চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী এই প্ৰদৰ্শনীখনত উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক