ডাউনলোড
মোবাইল এপ

android apple
signal

December 24, 2024 8:10 PM | christmas assam crurch

printer

খ্ৰীষ্টধর্মীসকলৰ পৱিত্ৰ বৰদিনৰ সমূহীয়া প্ৰাৰ্থনাৰ বাবে সজাই-পৰাই তোলা হৈছে গির্জাসমূহ

বিশ্বৰ খ্ৰীষ্টধর্মী লোকসকলৰ পৱিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গির্জাসমূহ সজাই-পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক’ গির্জা, খ্ৰীষ্টানবস্তিৰ গির্জা, সোণাইঘূলিৰ গির্জা আদি বিভিন্ন গির্জা বর্তমান আলোকসজ্জা, খ্রীষ্টমাছ ট্ৰী, ৰং-বিৰঙী ফুল, তৰা আদিৰে সুশোভিত কৰা হৈছে আৰু কেৰলেৰে মুখৰ হৈ পৰিছে। খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসভৱনসমূহো আলোকসজ্জাৰে সজ্জিত কৰা হৈছে।

ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্ৰ গিৰ্জাতো বৰদিনৰ আয়োজন চলিছে।

উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গিৰ্জাৰূপে পৰিচিত শিৱসাগৰ ব্যাপ্তিষ্ট গিৰ্জাত কালিৰে পৰা বৰদিনৰ বিশেষ অনুষ্ঠানত ভালেসংখ্যক ভক্তই অংশগ্ৰহণ কৰিছে। ধুবুৰী, বিলাসীপাৰা, মানকাচৰ, নগাঁও, গোলাঘাট, ডিব্ৰুগড় আদিতো বৰদিন উদযাপনৰ ব্যাপক প্রস্তুতি চলিছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰ বৰ্তমান বৰদিনৰ আনন্দ-উল্লাসত বিভোৰ হৈ পৰা দেখা গৈছে ৷ শ্বিলঙৰ বৰদিন উপভোগৰ বাবে দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। ক’হিমা, আইজল, তুৰা আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বৰদিনৰ প্ৰাক সন্ধিয়া আনন্দ-উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক